Share and Enjoy !

Shares

হাটশিঙিমাৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ৪০০ শতাধিক বুথ কমিটি, ২টা ব্ল’ক কংগ্ৰেছ ৩৫ টা মণ্ডল কংগ্ৰেছ আৰু টিকট প্ৰত্যাশী সকলক লৈ জিলা কংগ্ৰেছে আয়োজন কৰে এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভা।

সভাত উপস্থিত থাকে কংগ্ৰেছৰ চাৰি গৰাকী টিকট প্ৰত্যাশী প্ৰাৰ্থী। প্ৰাৰ্থী কেইজন ক্ৰমে জিলা সভাপতি তথা প্ৰাক্তন বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল,পুত্ৰ মহিবুৰ ৰহমান, টিকট প্ৰত্যাশী আব্দুছ ছালাম শ্বাহ আৰু টিকট প্ৰত্যাশী ৰুকুনুৰ জামান লাবলু।

মানকাচৰ সমষ্টিৰ পৰা মুঠ ৮ গৰাকী টিকট প্ৰত্যাশীয়ে প্ৰাৰ্থীত্ব বিচাৰি অসম প্ৰদেশ কংগ্ৰেছৰ ওচৰত আবেদন কৰিছে। হাই কমাণ্ড যিজন প্ৰাৰ্থীক টিকট দিব তেওঁৰ হৈ বাকী প্ৰাৰ্থী কেইজনে কাম কৰি মানকাচৰ সমষ্টি কংগ্ৰেছৰ দখলত আনিবলৈ চেষ্টা কৰা হ’ব বুলি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আহ্বান জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *