Share and Enjoy !

Shares

অপেক্ষাৰ অন্ত! গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুকলি কৰিলে বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ অভিলাষী পদক্ষেপে আজি পালে বাস্তৱ ৰূপ।

২৯ ডিচেম্বৰৰ দিনটো অসমবাসীৰ বাবে হৈ থাকিব এক ঐতিহাসিক দিন। ২২৭ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে বটদ্ৰৱা প্ৰকল্প। ‘শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ’ মুকলি কৰি ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰে অমিত শ্বাহে।

‘শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ’ মুকলি কৰা লগতে পৰিদৰ্শনো কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। গৃহমন্ত্ৰীগৰাকীৰ সন্মুখত শতাধিক ঢুলীয়া, খোল বাদক, সত্ৰীয়া নৃত্যশিল্পীয়ে আদৰণি জনাই অমিত শ্বাহক। ভকত-বৈষ্ণৱ, আয়তী-নামতিৰ নামতো অংশ গ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে।

বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প উদ্ধোধনৰ পিছতে  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কয় ‘‘অচিনাকি লোকে বটদ্ৰৱাৰ মাটি দখল কৰি আছিল। অচিনাকি লোকক আমি উচ্ছেদ কৰিছিলোঁ। আৰ্বিভাৱ ক্ষেত্ৰত শংকৰদেৱৰ দৰ্শন আলোচনা কৰিম। গুৰু দুজনাৰ সৃষ্টিৰাজী শ্ৰীমন্ত শংকৰদেৱ আৰ্ৱিভাৱ ক্ষেত্ৰত আলোচনা কৰা হ’ব। আমাৰ গুৰু শংকৰদেৱ আৰু মাধৱদেৱ আছিল। আমাৰ গুৰু শংকৰদেৱ, আজান ফকীৰ হ’ব নোৱাৰে।’’

লগতে মুখ্যমন্ত্ৰীয়ে গৰাকীয়ে কয়,দেহত শক্তি থকালৈকে অচিনাকি লোকক শান্তি থাকিবলৈ নিদিওঁ।’’। ‘‘অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিব। অচিনাকি লোকক মাটি বিক্ৰী নকৰিব।’’

Leave a Reply

Your email address will not be published. Required fields are marked *