Share and Enjoy !

Shares

নৱবৰ্ষৰ পহিলা দিনটোতে বহু উপহাৰ দিলে মুখ্যমন্ত্ৰীয়ে।

ছাত্ৰ-ছাত্ৰীৰ পৰা মহিলালৈ, সকলো লোককে নতুন বছৰৰ পহিলা দিনটোত বহু সুখবৰ দিলে মুখ্যমন্ত্ৰীয়ে।

‘অৰুণোদয় আঁচনি’ৰ পৰা ‘বাবু আঁচনি’লৈ মুখ্যমন্ত্ৰীয়ে কৰিলে কেইবাটাও ডাঙৰ ঘোষণা।

সমান্তৰালকৈ অষ্টম দৰমহা আয়োগ সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা।

কেন্দ্ৰীয় চৰকাৰৰ সমান্তৰালকৈ অসম চৰকাৰেও গঠন কৰিব অষ্টম দৰমহা আয়োগ।

মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে অষ্টম দৰমহা আয়োগ গঠন কৰিছে। ভাৰতৰ কোনো ৰাজ্যই এতিয়ালৈকে ৰাজ্যিক পৰ্যায়ত দৰমহা আয়োগ গঠন কৰা নাই।’’

অসমৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব সুভাষ দাসৰ অধ্যক্ষতাত অষ্টম অসম দৰমহা আয়োগ গঠন কৰা হ’ব। ৰাজ্যিক পৰ্যায়ত অষ্টম দৰমহা আয়োগ গঠন কৰা ভাৰতৰ প্ৰথম ৰাজ্য হ’ব অসম।

Leave a Reply

Your email address will not be published. Required fields are marked *