Share and Enjoy !

Shares

আজি অসম চৰকাৰে প্ৰদান কৰিলে ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তিপত্ৰ।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিলে নিযুক্তি পত্ৰ।

গুৱাহাটীৰ জ্যোতি-বিষ্ণু প্ৰেক্ষাগৃহত দিনৰ ১১ বজাত ৩,৩৭৪ গৰাকী প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তিপত্ৰ।

এতিয়ালৈ ৰাজ্য চৰকাৰে নিযুক্তি দিছে ১ লাখ ৪৫ হাজাৰ ৬৬৪ গৰাকী প্ৰাৰ্থীক।

এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি চাকৰিৰ বদলিকৰণ সন্দৰ্ভত ডাঙৰ ঘোষণা।কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘চাকৰিৰ বদলিক লৈ দালালচক্ৰ নিৰ্মূল কৰিবলৈ আমি চেষ্টা কৰি আছোঁ। এতিয়াৰে পৰা ‘স্বাগত সতীৰ্থ’ প’ৰ্টেল বছৰত দুবাৰ খুলিব। ফেব্ৰুৱাৰীত পুনৰ আৰম্ভ হ’ব এই সেৱা। ইয়াৰ পূৰ্বে জুনত খোলা হৈছিল ‘স্বাগত সতীৰ্থ’।’’

Leave a Reply

Your email address will not be published. Required fields are marked *