Share and Enjoy !

Shares

ৰেজাউল কৰিম সৰকাৰৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে ৰেজাউল কৰিমৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘ৰেজাউলে যদি বাক্যটো প্ৰত্যাহাৰ নকৰে,ৰেজাউল কৰিম সৰকাৰৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা৷’’

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘বাংলাদেশৰ পৰা আহিছিল ৰেজাউল কৰিমৰ মাক-দেউতাক। ৰেজাউল কৰিমৰ পিতৃ মাতৃয়ে শিৱসাগৰ বনাইছিল নেকি? এতিয়া তেওঁলোকে কৈছে আমি বৰ অসম গঢ়িম। বৰ অসম গঢ়াৰ বাবে শিৱসাগৰত মানুহ নাই নেকি?”

“শিৱসাগৰক কোনোবাই ধুবুৰী বনাম বুলি কয় নেকি? শিৱসাগৰখন তেওঁলোকৰ পৈতৃক সম্পত্তি নেকি? শিৱসাগৰত ৰাজধানী পাতি চ্যুকাফাই বৰ অসম প্ৰতিষ্ঠা কৰি থৈ গৈছে। গৌৰৱ গগৈৰ মিঞাৰ প্ৰতি ইমান মৰম কিয় নাজানো।’’

Leave a Reply

Your email address will not be published. Required fields are marked *