Share and Enjoy !

Shares

হাওৰাঘাট বিধানসভা সমষ্টিৰ ডকমকাত আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতাৰ ১০ হাজাৰ টকাকৈ আত্ম সহায়ক গোটৰ হিতাধিকাৰীক চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডকমকাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিয়ান ৩৩,৮১১গৰাকী হিতাধিকাৰীক চেক বিতৰণ কৰে ৷

এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ শৰ্মাক সংগ দিয়ে চিইএম তুলিৰাম ৰংহাং, সাংসদ অমৰ চিং টিচঁ , উঃ পূঃ পৰিষদৰ সদস্য সচিব লংকি ফাংচ আদিকে কৰি বিধায়ক বিদ্যা চিং ইংলেং, দৰ চিং ৰংহাং, ৰূপ চিং টেৰণ, পৰিষদৰ ইএম প্ৰভাত চন্দ্ৰ তাৰৌ, ডি উফিং মাছলাই লগতে নৱ-নিযুক্ত জিলা আয়ুক্ত আৰাংগা শইকীয়া আদি।।

সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তুলিৰাম ৰংহাংঙৰ নেতৃত্বত অসমৰ আন আন জিলাতকৈ কাৰ্বি আংলঙ উন্নয়নমূখী হৈ পৰিছে৷ লগতে হাওৰাঘাট বিধানসভাৰ সমষ্টি দুখীয়া ৰাইজক পুনৰ এক হাজাৰ অৰুণোদয় দিয়া প্ৰতিশ্ৰুতি দিয়৷ অহা বিধান সভাৰ নিৰ্বাচনত বিজেপি সহযোগ কৰিলে ৰাইজে সকলো সুবিধা পাব বুলি উল্লেখ কৰে ৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *