বাক্সাৰ গুলীৱিদ্ধ বিদ্যুত কলিতা আৰু দীপক মেধিক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়েবাক্সাৰ গুলীৱিদ্ধ বিদ্যুত কলিতা আৰু দীপক মেধিক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে

Share and Enjoy !

Shares

বাক্সাৰ দুগৰাকী গুলীৱিদ্ধ লোকলৈ মুখ্যমন্ত্ৰীৰ চেক প্ৰদান।

গুলীবিদ্ধ হৈ আহত হোৱা বিদ্যুত কলিতা আৰু দীপক মেধিক আজি সাক্ষাত কৰিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। বাক্সাৰ নিকাছিত উপস্থিত হৈ দুয়োগৰাকী সাক্ষাতৰ লগতে পৰিয়ালক চেক প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, জুবিন গাৰ্গৰ অকাল মৃত্যুৰ ঘটনাৰে জড়িত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক কাৰাগাৰলৈ লৈ যোৱাৰ পাছতে বাক্সাত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে জ্বলাই দিছিল দুখনকৈ বাহন।

তাৰোপৰি ক্ষোভিত জনতাই আৰক্ষীৰ বাহনলৈ নিক্ষেপ কৰিছিল শিলগুটি। এনে পৰিস্থিতিত একাধিক সাংবাদিকৰ লগতে আৰক্ষী বিষায়ও আঘাপপ্ৰাপ্ত হৈছিল।। পৰিস্থিতিৰ এনে ৰূপ দেখি কৰ্তব্যৰত আৰক্ষীয়ে ক্ষোভিত জনতাৰ ওপৰত লাঠিচালনা কৰিব লগাত পৰে।

ইফালে পৰিস্থিতি উত্তপ্ত হোৱাৰ পাছতে জনতাক ছত্ৰভংগ দিয়াবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰে আৰক্ষীয়ে। পৰিস্থিতি ইমানেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে প্ৰাণ ৰক্ষা কৰিবলৈ দলঙৰ তলত সোমাবলগীয়া হৈছে কৰ্তব্যৰত আৰক্ষী। মুঠৰ ওপৰত যেনিয়ে পাই তেনিয়ে দৌৰি প্ৰাণ বচাব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে বাক্সা কাৰাগাৰৰ সন্মুখত। উত্তেজিত জনতালৈ লক্ষ্য কৰি গুলী চালনা কৰিব লগীয়া হৈছিল আৰক্ষী।।সেই হিংসাত্মক ঘটনাত দুগৰাকী গুলীৱিদ্ধ হৈছিল। এই দুয়োগৰাকীৰে স্বাস্থ্য বৰ্তমান সুস্থিৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *