অসম আৰক্ষীৰ নিযুক্তিক লৈ ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা।
দেওবাৰে ফেচবুক লাইভযোগে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে, অসম আৰক্ষীত আবেদনৰ বয়সৰ সীমা বৃদ্ধি। ২৬বছৰলৈ বৃদ্ধি কৰা হ’ল আবেদনৰ উৰ্ধতম বয়স। আনফালে অসম আৰক্ষীত আবেদনৰ নিম্নতম বয়স হ’ব ১৮বছৰ।
লগতে ফেচবুক লাইফযোগে বাগুৰুম্বাত অংশগ্ৰহণ কৰা শিল্পীসকলক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰীয়ে।
ফেচবুক লাইফযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,।‘‘চীনে পতা অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানৰ দৰেই আমাৰ অনুষ্ঠানৰ তুলনা হৈছে। আমাৰ ঐতিহ্য, সংস্কৃতি আৰু শক্তিশালী প্ৰদৰ্শনে চীনৰ লগত অসমৰ তুলনা আনিছে।’’