আজি ২৬ জানুৱাৰী, গণৰাজ্য দিৱস। সমগ্ৰ দেশতে আজি উদযাপন কৰা হয় ৭৭ সংখ্যক গণৰাজ্য দিৱস। খানাপাৰাত পতাকা উন্মোচন কৰিলে ৰাজ্যপালে আনফালে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ জাতীয় পতাকা উন্মোচন কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। পতাকা উন্মোচনৰ পিছতে মুখ্যমন্ত্ৰীৰ উদ্দাত্ত ভাষণ দিয়ে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘আৰম্ভণিৰ পৰা সংবিধানৰ আত্মাক কংগ্ৰেছৰ আঘাতৰ চেষ্টা কৰি আহিছে। প্ৰথম পৰ্যায়ত বি আৰ আম্বেদকাৰে সংবিধান সভাত স্থান পোৱা নাছিল। জৱাহৰলাল নেহৰুৱে ইয়াৰ বিৰোধিতা কৰিছিল। মহাত্মা গান্ধীৰ চেষ্টাত বি আৰ আম্বেদকাৰে পাইছিল সংবিধান প্ৰণয়নৰ দায়িত্ব লাভ কৰিছিল। আধুনিক ভাৰতৰ অনিৰূদ্ধ যাত্ৰা আমাৰ দেশত আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে দায়িত্ব লোৱাৰ পৰা এয়া সম্ভৱ হৈছে। ৩০ জানুৱাৰীত ডিব্ৰুগড় বিধানসভা চৌহদৰ আদাৰশিলা স্থাপন হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে স্থাপন কৰিব আধাৰশিলা। ৩০০ কোটি টকাৰ ব্যয়েৰে ডিব্ৰুগড়ত নিৰ্মাণ হ’ব বিধানসভা চৌহদ। অনাগত ৩ বছৰৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বিধানসভা চৌহদৰ। ডিব্ৰুগড়ত স্থাপন হ’ব উচ্চ ন্যায়ালয়ৰ চাৰ্কিট বেঞ্চ।’’
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘২০২৭ত অসমৰ GDP ১০ লাখ কোটি হ’ব। বিগত ৫ বছৰত বিকাশৰ নতুন মাইলৰ খুঁটি স্থাপন কৰিছোঁ। অসমৰ পৰিচয় এতিয়া বহুগামী উন্নয়নৰ যাত্ৰা। অসমৰ উন্নয়ন কেৱল ৰাস্তা নহয়, অসমৰ পৰিচয় বহুগামী উন্নয়নৰ যাত্ৰা।”
মুখ্যমন্ত্ৰীয়ে আৰু কয় ‘‘পূব বংগীয় মুছলমানৰ হাতত আছে ৬৩.৫৮ লাখ বিঘা ভূমি আছে। পূৰ্বৰ চৰকাৰে এই ভূমি উদ্ধাৰৰ চেষ্টা কৰা নাছিল। ২০২১ৰ পৰা বৰ্তমানলৈ ডেৰ লাখতকৈ অধিক বিঘা বেদখলমুক্ত হৈছে। বিদেশী বহিষ্কাৰৰ দীৰ্ঘদিনীয়া আকাংক্ষা বাস্তৱত ৰূপায়ণ কৰিছোঁ। এতিয়া জিলা আয়ুক্তই ২৪ ঘণ্টাৰ ভিতৰত দেশৰ পৰা বিদেশী খেদিব পাৰে। জিলা আয়ুক্তই বিদেশী ঘোষণা কৰিলে ২৪ ঘণ্টাতে দেশৰ পৰা বাহিৰ কৰিব পাৰো। অসম আন্দোলন আমাৰ পৰিচয় আৰু মৰণপণ যুঁজ আছিল। জাতিৰ বাবে ৮৬০ জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিছিল। শ্বহীদ স্বাৰক নিৰ্মাণ কৰিছো, এয়া স্বহীদৰ বাবে স্বীকৃতি।
মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘বিহু আৰু ঝুমুৰে বিশ্বৰ মঞ্চত চিনাকি কৰাই দিলো। বাগৰুমবা নৃত্য বিশ্বৰ দৰবাৰলৈ গ’ল। মাত্ৰ ৫ বছৰতে প্ৰতিটো সম্পদ আৰু প্ৰতিটো পৰিচয়ক বিশ্ব বৰসভালৈ নিবলৈ সক্ষম হ’লো।’’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে শ্বহীদৰ ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদান কৰিলে।’’মুখ্যমন্ত্ৰীয়ে কয় যে ‘‘যোৱা ৫ বছৰত গঁড় চোৰাং চিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিলো। সপোনৰ পৰা বাস্তৱলৈ পূৰণ কৰিবলৈ সক্ষম হৈছো। ভাৰতৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতিৰ ৰাজ্য অসম। ৫ বছৰৰ তথ্যৰ ভিত্তিত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এই ঘোষণা। অসমত প্ৰতিবছৰে উৎপাদনৰ গড় বৃদ্ধি ১৩ৰ পৰা ১৫ শতাংশলৈ। ডাভোছৰ ৱৰ্ল্ড ইক’নমিক ফ’ৰামত প্ৰথমবাৰৰ বাবে অসমৰ প্ৰতিনিধিত্ব। ফ’ৰামৰ উভতি আহি ক’ব পাৰো আজি অসম উন্নত ৰাজ্য হিচাপে পৰিচিত হৈছে। ডাভোচৰ বৈঠকত ডেৰ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ পাইছো। অহা ৬ মাহত ছেমিকণ্ডাক্টৰ ৰপ্তানিত ১ নম্বৰ হ’ব অসম’’