আজি বাক্সাৰ নিকাছীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিকাছীত মুখ্যমন্ত্ৰী গৰাকী উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সাংবাদিকৰ জৰিয়তে ভুল খবৰ পাই একাংশই এনে পৰিস্থিতিৰ সৃষ্টি কৰিলে। হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিলে ৫০শতাংশ আন্দোলন কমি যাব। এই আন্দোলন জুবিনক ন্যায় দিয়া আন্দোলন নহয়,গৌৰৱ গগৈক মুখ্যমন্ত্ৰী সজোৱা আন্দোলন। যোৱা ৪ বছৰত কোনো সুযোগ পোৱা নাছিল।। শ্যামকানু-সিদ্ধাৰ্থৰ খবৰ প্ৰচাৰৰ ক্ষেত্ৰত ভুল হ’ল সংবাদ মাধ্যমৰ। জুবিনক আমি ন্যায় দিমেই।
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, শ্যামকানু আৰু সিদ্ধাৰ্থই জেলত কোনো ৰাজ আতিথ্য পোৱা নাই। মহৰ কামোৰ খাই মাটিত শুই থাকিবলগীয়া হৈছে শ্যামকানু-সিদ্ধাৰ্থই। এযোৰ কাপোৰেই আজিলৈকে পিন্ধি আছে অভিযুক্তসকলে। তেনে ক্ষেত্ৰত বাহিৰত যিকোনো প্ৰচাৰ চলাই একো লাভ নাই। কোনোবাই নিজস্ব স্বাৰ্থসিদ্ধিৰ বাবে এনে কিছুমান কাম কৰি আছে বুলি মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
