কিয় হঠাৎ বৃদ্ধি কৰা হ’ল গৌৰৱ গগৈৰ দেহৰক্ষী।
কিয় হঠাৎ বৃদ্ধি কৰা হ’ল গৌৰৱ গগৈৰ নিৰাপত্তা ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত বাখ্যা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
৩গৰাকী দেহৰক্ষীসহ এচকৰ্ট প্ৰদান কৰা গৌৰৱ গগৈক আক্ৰমণ বাবে কংগ্ৰেছৰ পৰাই ষড়যন্ত্ৰ কৰা হৈছিল বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনৰ আগত কোনো অনুষ্ঠানত গৌৰৱ গগৈৰ ওপৰত কংগ্ৰেছৰ লোকে নিজেই আক্ৰমণ কৰি সহানুভূতি আদায়ৰ পৰিকল্পনা কংগ্ৰেছে কৰিছিল বুলি আৰক্ষীয়ে প্ৰমাণ পাইছে।
দিছপুৰ আৰক্ষীয়ে এগৰাকী বিশেষ লোকৰ এজাহাৰৰ ভিত্তিত এজন লোকক গ্ৰেপ্তাৰৰ লগতে ৩গৰাকী লোকক ধাৰাবাহিক সোধপোচ অব্যাহত ৰাখিছে।
সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে। আগন্তুক ৩-৪দিনৰ ভিতৰতেই এই সমগ্ৰ কাণ্ড ফাদিল হ’ব বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।