Share and Enjoy !

Shares

কংগ্ৰেছ ত্যাগ কৰিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই।AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ভূপেন বৰাই।ভূপেন বৰাৰ পদত্যাগৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া।প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,‘‘সাধাৰণ ঘৰৰ ল’ৰাই কংগ্ৰেছৰ নেতৃত্বত থাকিব নোৱাৰে। খিলঞ্জীয়া ল’ৰা কংগ্ৰেছত থাকিব নোৱাৰে। নিজৰ ধৰ্মক সন্মান, মৰম কৰা মানুহ কংগ্ৰেছত থাকিব নোৱাৰে। কংগ্ৰেছৰ বিৰোধী দলপতি আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি দুয়োজনেৰেই পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী।কাইলৈ ভূপেন বৰাৰ ঘৰলৈ যাম ভূপেন বৰাই এতিয়ালৈ মোৰ সৈতে বা বিজেপিৰ সৈতে কথা পতা নাই।’’

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘ভূপেন বৰাৰ কাৰণে বিজেপি দলৰ দুৱাৰ খোলা আছে৷ ভূপেন বৰাই বিজেপিত যোগ দিলে সুৰক্ষিত আসন এখনৰ পৰা জিকি অহাৰ সুবিধা দিম। ভূপেন বৰাক বিধায়ক বনাম আমি।’’

Leave a Reply

Your email address will not be published. Required fields are marked *