কেতিয়া অসমত অনুষ্ঠিত হ’ব বিধানসভাৰ নিৰ্বাচন? অসম বিধানসভাৰ নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে।
বিধানসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা।।।যোৰহাটত মুখ্যমন্ত্ৰীয়ে সদৰি কৰে যে, ‘‘ব’হাগ বিহুৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হবলৈ। নিৰ্বাচন আয়োগলৈ অসম চৰকাৰে অনুৰোধ কৰিছে।’’
আজি যোৰহাটত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় , ‘‘আমি ১লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ। ১ লাখ ৬০ হাজাৰ যুৱক যুৱতীক চাকৰি প্ৰদান কৰিলোঁ।’’। ‘‘আত্মনিৰ্ভৰ অসম অভিযান সফল হ’লে বৃদ্ধি পাব সংস্থাপন। প্ৰতিটো সমষ্টিত অহাবাৰ ১০হাজাৰ লোকক প্ৰদান কৰিম এই আঁচনি। দুই-তিনিবছৰত অসমলৈ অহা উদ্যোগসমূহ কাৰ্যক্ষম হৈ উঠিব। তাত দুই লাখ যুৱক-যুৱতীয়ে চাকৰি লাভ কৰিব। শ্ৰদ্ধাঞ্জলি আঁচনিৰ জৰিয়তে উপকৃত হ’ব বহু পৰিয়াল।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয় ‘‘অহাবাৰ বিৰোধী দলপতিৰ আসন হেৰুৱাব কংগ্ৰেছে। সংখ্যালঘু সমষ্টিতহে কংগ্ৰেছৰ ভাল সংগঠন আছে। এইবাৰ সেইকেইটা সমষ্টিত কংগ্ৰেছ জয়ী হোৱাৰ ১০০% সম্ভাৱনা। ৰাইজৰ দল, AJPক সমষ্টি এৰিলে বিৰোধী দলপতিৰ আসন হেৰুৱাব কংগ্ৰেছে।’’