মঙলবাৰে নিশা দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। কেবিনেট বৈঠকৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, সলনি হ’ব। বৰপেটাৰ Fakhruddin Ali Ahmed Medical College and Hospitalৰ নাম মেডিকেল কলেজখনৰ নাম সলনিত অনুমোদন অসম কেবিনেটৰ। এতিয়াৰে এই মেডিকেল কলেজখনক ‘বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়’ হিচাপে জনা যাব।
লগতে মুখ্যমন্ত্ৰীয়ে এই কথাও উল্লেখ কৰে যে বৰপেটাত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত ফকৰুদ্দিন আলী আহমেদৰ সন্মানাৰ্থে অন্য প্ৰতিষ্ঠান নিৰ্মাণ কৰা হ’ব।