আজি গুৱাহাটীৰ বৰাগাঁৱৰ নৱ-নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰখন মুকলি কৰা হয়আজি গুৱাহাটীৰ বৰাগাঁৱৰ নৱ-নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰখন মুকলি কৰা হয়

Share and Enjoy !

Shares

আজি গুৱাহাটীৰ বৰাগাঁৱৰ নৱ-নিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰখন মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আন্দোলনৰ শ্বহীদৰ স্মৃতিৰে নিৰ্মাণ কৰা সু-উচ্চ সৌধ উদ্বোধন কৰে। প্ৰায় ১৭০ কোটি টকা ব্যয়ৰে ১৫০ বিঘাতকৈও অধিক ভূমিত এই শ্বহীদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। আজি বৰাগাঁৱত কেন্দ্ৰীয় অনুষ্ঠানত ৮৬০ শিল্পীয়ে ‘শ্বহীদ প্ৰণামো তোমাক’ গীতটি পৰিৱেশন কৰে। এই কেন্দ্ৰীয় অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেবিনেট মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত উপস্থিত থাকে। উল্লেখযোগ্য যে, জিলা আৰু সম-জিলাসমূহত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ‘শ্বহীদ প্ৰণামো তোমাক’ গীতটি পৰিৱেশন কৰা হয়।

শ্বহীদ স্মাৰক ক্ষেত্ৰত উপস্থিত থাকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘আজি অৰ্থাত ১০ ডিচেম্বৰৰ দিনটো প্ৰতিগৰাকী অসমীয়াৰ বাবে পবিত্ৰ দিন। এই দিনটো আমাৰ বাবে গৌৰৱৰ দিন। ১৭০ কোটি টকা ব্যয়সাপেক্ষে অমৰ শ্বহীদ ক্ষেত্ৰ নিৰ্মাণ কৰা হ’ল। অসম আন্দোলনৰ ৪৬ বছৰ পাছতো আমি সুৰক্ষিত নাছিলোঁ। চুক্তি স্বাক্ষৰ হোৱাৰ পাছতে চুক্তি কাৰ্যকৰী হোৱা নাছিল। আমি অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ সংকল্পৰে আগবাঢ়িছিলোঁ।’’ মুখ্যমন্ত্ৰীয়ে কয়, ‘‘মেহতা আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰা আছে অসম আৰু অসমীয়াৰ মাটি কিদৰে ৰাঙলী কৰা হৈছিল? অসমীয়া যুৱতীক নিৰাপত্তাহীন কৰি তোলা হৈছিল। অচিনাকি মানুহে কাজিৰঙাত গঁড় হত্যা কৰিছিল। গোৱালপাৰা, ধুবুৰী জিলাত অসমীয়াৰ স্বাভিমান নিঃশেষ কৰিছে। অসমীয়াৰ সাংস্কৃতিক সম্পদৰ ওপৰত আক্ৰমণ চলিছে। আমি কাম নকৰিলে অসমীয়াই কেনেকৈ খাব, এনে প্ৰত্যাহ্বান জনাইছিল। বৰদোৱাৰ ভূমিৰ ওপৰত আগ্ৰাসন চলিছিল।’’

তেওঁ কয়, ‘‘আমি আমাৰ ৰাজনৈতিক ভৱিষ্যৎ কাৰোৱাৰ হাতলৈ হস্তান্তৰ কৰিবলৈ নিদিওঁ। আমি ১০ বছৰ পাছত প্ৰত্যাহ্বান জনাব পাৰোঁ। অসমীয়া জাতিৰ সৈতে কাজিয়া কৰিলে আমি প্ৰত্যুত্তৰ দিবলৈ সাজু। আমি কাজিয়া কৰিবলৈ সাজু। অসমত কোনো বিদেশীয়ে অনুপ্ৰৱেশ কৰিলে ২ ঘণ্টাৰ ভিতৰত ওভতাই পঠাওঁ। নতুন অসম নিৰ্মাণৰ বাবে আগবাঢ়িছোঁ। আমি লাহে লাহে সংখ্যালঘুৰ দিশে আগবাঢ়িছোঁ। ২০২৭ চনত ৬০% তলত আহিব আমাৰ জনসংখ্যা। অসমত অচিনাকি মানুহৰ সংখ্যা বাঢ়ি গৈ আছে।’’

Leave a Reply

Your email address will not be published. Required fields are marked *