আজিৰ পৰা ১৪ডিচেম্বৰলৈকে ডিমা হাছাও জিলাৰ উমৰাংছুত অনুষ্ঠিত হ’ব ফেলকন উৎসৱ।
সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ফেলকন উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰে।
উল্লেখ্য যে, এই অঞ্চললৈ অহা আমুৰ ফেলকন (Falco amurensis) নামৰ পৰিভ্ৰমী চৰাইটোৰ সংৰক্ষণৰ প্ৰতি সজাগতা অনাৰ লক্ষ্যৰে এই উৎসৱ অনুষ্ঠিত কৰা হয়।
