কাইলৈ ৰঙৰ উৎসৱ হোলী! আবিৰৰ ৰঙেৰে ৰঙীন হ’বলৈ সাজু সকলো । ৰঙৰ উৎসৱ হোলীৰ উচাহত মতলিয়া সমগ্ৰ দেশ
মাজত মাথোঁ কেইটিমান ক্ষণ। কাইলৈ ৰঙৰ উৎসৱ হোলী। আবিৰৰ ৰঙত ৰঙীন হব সমগ্ৰ দেশ। কাইলৈৰ পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হব দৌলোৎসৱ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তুংগত ৰঙৰ উৎসৱৰ প্ৰস্তুতি।
উজনি, নামনিৰ কেইবাখনো সত্ৰত চলিছে হোলীৰ প্ৰস্তুতি। মাজুলি, দৌলগোবিন্দত প্ৰায় সম্পন্ন হোলীৰ প্ৰস্তুতি। দৌল উৎসৱক কেন্দ্ৰ কৰি উদুলি-মুদুলি বটদ্ৰৱা সত্ৰ। আটকধুনীয়া কৈ সজাই পৰাই তোলা হৈছে বটদ্ৰৱা থান। ফাকুৰ ৰঙেৰে ৰঙীণ হ’ব গুৰুজনাৰ পৱিত্ৰ জন্মস্থান।
আধ্যাত্মিক তথা ধৰ্মীয় পৰম্পৰা অক্ষুন্ন ৰাখি দৌলযাত্ৰা মহোৎসৱৰ বাবে বটদ্ৰৱা থানত পূৰ্ণ গতিত চলিছে প্ৰস্তুতি। দৌল মহোৎসৱক আদৰাত ব্যস্ত সত্ৰ নগৰী বৰপেটায়ো দৌল মহোৎসৱলৈ মাজত মাথো এটা এটা দিন বাকী থকা সময়চোৱাৰ মাজতে এতিয়া বৰপেটাৰ চাৰিওফালে পৰিলক্ষিত হৈছে হোলীৰ উৎসাহ।
হোলীগীতৰ মূৰ্চনাৰে মুখৰিত হৈ পৰিছে সত্ৰ নগৰী বৰপেটাৰ চৌদিশ। উল্লেখ্য যে বৰপেটা দৌল মহোৎসৱৰ সৈতে সংগতি ৰাখি আজি বাহিৰ কৰা হয় বৰ্ণিল বসন্তৰ শোভাযাত্ৰা। বৰপেটা সাংস্কৃতিক মঞ্চৰ উদ্যোগত উলিওৱা৷