ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে পৰীক্ষাৰ ফলাফল। ১৬টাকৈ ৱেবছাইট উপলভ্য হ’ল পৰীক্ষাৰ ফলাফল।
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ শীৰ্ষ তিনিটা স্থানত উজলিল চাৰিগৰাকী মেধাৱী ছাত্ৰ।
প্রথম স্থানত শংকৰদেৱ শিশু নিকেতন পাটাছাৰকুছিৰ জ্যোতিৰ্ময় দাস।
জ্যোতিৰ্ময়ে সৰ্বমুঠ নম্বৰ লাভ কৰিছে ৫৯১।
২য় স্থানত আকাংক্ষা ভূঞা, অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়, হাৱাজান।
আকাংক্ষাই লাভ কৰিছে সৰ্বমুঠ ৫৮৯ নম্বৰ।
৩য় স্থানত জিয়া ফাৰাহ ইছলাম, লিটল ফ্লাৱাৰ HS স্কুল, ডিব্রুগড়।
৩য় স্থানত সুৰজিত আখতাৰ, লিটল ফ্লাৱাৰ স্কুল, নলবাৰী।
দুয়োগৰাকীয়ে লাভ কৰিছে সৰ্বমুঠ ৫৮৮কৈ নম্বৰ