Share and Enjoy !

Shares

আজি আন্তৰ্জাতিক নাৰী দিৱস।প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়।

এই দিৱসত মূলতে পক্ষপাতমুক্ত এখন উন্নত সমাজ গঢ়ি তোলাৰ লক্ষ্যৰে লিংগ সমতাৰ বাৰ্তা প্ৰচাৰ কৰা হয়। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস উদ্‌যাপনৰ মুখ্য বিষয়।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বঙাইগাঁও বৰপাৰা ৰাজহুৱা খেলপথাৰতো দেওবাৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে বীৰঝৰা নাৰী সংঘই।

পতাকা উত্তোলন আৰু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলিৰে আৰম্ভ হয় দিনজোৰা কাৰ্যসূচী। উপস্থিত থাকে বিধায়িকা দিপ্তীৰ চৌধুৰী। দীৰ্ঘ সংগ্ৰামৰ অন্তত আজিৰ সময়ত নাৰীয়ে সমমৰ্যদা পাবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে বিধায়িকা গৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *