Share and Enjoy !

Shares

অসম আৰক্ষী মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তক D.LIT ডিগ্ৰী প্ৰদান। অসম বিশ্ববিদ্যালয়ে D.LIT ডিগ্ৰীৰে সন্মানিত কৰিলে আৰক্ষী বিষয়াগৰাকীক। অসম বিশ্ববিদ্যালয়ৰ ২৩ তম সমাৱৰ্তন অনুষ্ঠানতD.LIT ডিগ্ৰী প্ৰদান কৰে। দেশত কৰ্তব্যৰত বিষয়াক প্ৰথমবাৰলৈ D.LIT ডিগ্ৰী প্ৰদান কৰে।

১৯৯৯ চনৰ IPS বিষয়া পাৰ্থসাৰথি মহন্ত অসমৰ পৰা এই সন্মানীয় ডিলিট ডিগ্ৰী লাভ কৰা প্ৰথমজন আৰক্ষী বিষয়া হিচাপে পৰিগণিত হৈছে।

বেলুৰ মঠৰ ৰামকৃষ্ণ মিছন বিবেকানন্দ এডুকেশ্বন এণ্ড ৰিচাৰ্ছ ইনষ্টিটিউটৰ প্ৰো-চ্যান্সেলৰ স্বামী আত্মপ্ৰিয়নন্দজীয়ে তেওঁক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে। সমাৱৰ্তনত অসম বিশ্ববিদ্যালয়ৰ অধ্যক্ষ অৰূপ ৰাহা আৰু উপাচাৰ্য ৰাজীৱ মোহন পন্থ উপস্থিত থাকে।

জ্যেষ্ঠ IPS বিষয়া পাৰ্থসাৰথি মহন্তই কয় যে ‘‘সন্মানিত ডিলিট ডিগ্ৰী সাহিত্য আৰু সামাজিক কৰ্মকাণ্ডৰ বাবে প্ৰদান কৰা হৈ থাকে। এগৰাকী আৰক্ষী বিষয়া হৈও তেওঁ বিভিন্ন সময়ত সমাজ সেৱা কৰে। এজন আৰক্ষী বিষয়া হ’লে, বিপদৰ সময়ত মানুহক সহায়তা কৰাৰ সুবিধা বেছি পোৱা যায়। কিন্তু এই সন্মান আজি‌ কেৱল তেওঁৰ বাবে‌ নহয় এই সন্মান সকলোৰ কৃতিত্ব কাৰণ আৰক্ষী বিভাগে‌ এটা টিম হিচাপে কাম কৰি আছে। কেৱল এজনৰ দ্বাৰা এই বিভাগ কাৰ্যকলাপ কৰিব নোৱাৰে। ৰাইজৰ সহযোগিতা আৰু আৰক্ষী বিভাগৰ সকলোৰ কৰ্মীৰ সহযোগিতাৰ ফলত তেওঁ এই সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ উল্লেখ কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *