মাজনিশা মহানগৰীৰ জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
জালুকবাৰী সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰৈ থকা এখন ট্ৰাকত খুন্দা এখন চাৰিচকীয়া বাহনৰ।
আমিনগাঁৱৰ পৰা গুৱাহাটী দিশে আহি থকা অৱস্থাত এই দুৰ্ঘটনা।
এই দুঘটনাত কথমপি প্ৰাণৰক্ষা চাৰিচকীয়া বাহনৰ চালকৰ।
দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ AS28AC0364 আৰু চাৰিচকীয়া বাহনখনৰ নম্বৰ AS01EV5154।
ঘটনাস্থলীত নিশাই উপস্থিত জালুকবাৰী যানবাহন আৰক্ষীৰ লোক।
উল্লেখ্য যে, ৰাজপথৰ ওপৰত অসাৱধানভাৱে ট্ৰাকখন ৰখাই থোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ।
ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত জালুকবাৰী যানবাহন আৰক্ষীৰ।