জম্মু-কাশ্মীৰত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা৷ জম্মু-কাশ্মীৰৰ প্রাক্তন মুখ্যমন্ত্রী ফাৰুক আব্দুল্লালৈ লক্ষ্য কৰিলে গুলীচালনা দুৰ্বৃত্তৰ৷ এক বিবাহ অনুষ্ঠানত সংঘটিত হয় এই ঘটনা। এক বিবাহ অনুষ্ঠানত অংশ গ্ৰহণ কৰি থকাৰ সময়তে দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰে ৷
অৱশ্যে নিৰাপত্তাৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা পৰে প্রাক্তন মুখ্যমন্ত্রীগৰাকী ৷ আনহাতে গুলীচালনাৰে জড়িত ৬৫ বছৰীয়া লোক এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ ধৃত লোকজনৰ নাম কমল সিং জামোৱালক বুলি জানিব পৰা গৈছে।
গুলীচালনাৰ পাছতে বিবাহস্থলীত এক আতংকময় পৰিস্থিতিৰ হয় ৷
ঘটনাৰ কিছু সময়ৰ পাছতে আৰক্ষীৰ জ্যেষ্ঠ বিষয়াসকলে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ প্রাথমিক তদন্ত আৰম্ভ কৰে আৰু অভিযুক্তক থানালৈ।লৈ যায়।
আনহাতে আৰক্ষীৰ প্রাথমিক সোধা-পোছাৰ সময়ত পুৰাণী মণ্ডীৰ বাসিন্দা কমল সিং জামৱালে নেচনেল কনফাৰেন্সৰ নেতাজনক লক্ষ্য কৰি ল’ব বিচৰা বুলি স্বীকাৰ কৰে। আৰক্ষীৰ আগত কমল সিং জামৱালে কয়, ‘যোৱা ২০ বছৰ ধৰি মই ফাৰুকক হত্যা কৰিব বিচাৰিছিলো। আজি মই তেওঁৰ ওপৰত গুলীচালনা কৰিলোঁ, কিন্তু তেওঁ ৰক্ষা পালে। ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে৷