Share and Enjoy !

Shares

ছাগলীয়ে ধান খোৱাক কেন্দ্ৰ জামুগুৰিহাটৰ ধোৱাকতাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। কাজিয়াত আহত হয় এজন যুৱক৷ আহত যুৱক জনৰ নাম জিতু বৰা বুলি জানিব পৰা গৈছে।।

জানিব পৰা মতে, গাঁওখনৰ তৰুন বৰা নামৰ লোকজনে গাঁৱৰ নামঘৰ চৌহদত চপাই থোৱা ধান শুকুৱাবৰ বাবে মেলি থোৱা অৱস্থাত একেখন গাঁৱৰে জিতু বৰা নামৰ যুৱকজনৰ পোহনীয়া ছাগলীয়ে ধান খাইছিলে

ইয়াৰ পাছতে সূত্ৰপাত ঘটে কাজিয়াৰ৷ তৰুন বৰা আৰু তেওঁৰ পুত্ৰই জিতু বৰাক প্ৰহাৰ কৰে।প্ৰহাৰত গুৰুতৰভাৱে আহত হয় যুৱকজন ৷

ইপিনে ক্ষতি হোৱা ধানৰ উচিত মূল্য দিম বুলি কোৱাৰ পাছতো তৰুন বৰাই তেওঁৰ কথা নামানি জিতু বৰাক প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় অঞ্চলজুৰি ৷ ইতিমধ্যে জিতু বৰাই জামুগুৰি আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে ৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *