জামুগুৰিহাটৰ বগাবিল গাঁৱত নিৰুদ্দেশ যুৱক।বিগত ৬দিন ধৰি নিৰুদ্দেশ ২৮ বছৰীয়া যুৱকজন
যুৱকজনৰ পিতৃ আৰু পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, টুপীয়া বগাবিল গাঁৱৰ নিবাসী গোপাল মুদিৰ পুত্ৰ হেমন্ত মুদি যোৱা শনিবাৰে পুৱাই ঘৰৰ পৰা ওলাই গৈছিল আৰু আজিলৈ উভতি নাহিল।
উল্লেখ্য যে, যুৱকজন স্নাতক ডিগ্ৰীধাৰী। ইপিনে যুৱকজনৰ পৰিয়ালৰ লোকে ইতিমধ্যে বিভিন্নস্থানত বিচাৰখোচাৰ কৰিছে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সম্ভেদ লাভ কৰা নাই ৷ দুৰ্ভগীয়া পিতৃয়ে জানিবলৈ দিয়া মতে, তেওঁৰ পুত্ৰই লগত নিয়া মোবাইল ফোনটো বন্ধ হৈ আছে। যুৱকজন অসাধু চক্ৰৰ কৱলত পৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে।
ঘটনা সন্দৰ্ভত যুৱকজনৰ পিতৃয়ে জামুগুৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈ আৰক্ষীয়ে নিৰুদ্দিষ্ট যুৱকজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। যদি কোনো লোকে যুৱকজনৰ সম্ভেদ লাভ কৰে তেন্তে ৮৮১১০১২২১০ অথবা ৯৯৫৭১৮৬৯২৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।