Share and Enjoy !

Shares

ৰাজ্যত বৃদ্ধি পাইছে গৰু চোৰৰ সন্ত্ৰাস। নিতৌ ন ন কৈশলৰে ৰাজ্যত সংঘটিত কৰি আহিছে চুৰিকাৰ্য।

বৰ্তমান জামুগুৰিহাটৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে গৰু চোৰৰ সন্ত্ৰাস এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ।

এইবাৰ জামুগুৰিহাটৰ ওপৰকুৰি গাঁৱত সংঘটিত গৰু চুৰিৰ ঘটনা। কৃষকৰ গোহালীৰ পৰা নিশা চুৰি কৰি নিয়ে দুজনীকৈ গাই গৰু।

উল্লেখ্য যে, গাঁওখনৰ ভোলা হাজৰিকা আৰু দেৱ শইকীয়াৰ ঘৰৰ গোঁহালীৰ পৰা চুৰি কৰি নিয়ে উন্নত প্ৰজাতিৰ দুজনী গাই গৰু ৷ গাখীৰ দি থকা দুজনীকৈ গাইগৰু এইদৰে চুৰি কৰি নিয়াত চিন্তিত হৈ পৰিছে এতিয়া গৰুৰগৰাকী। ইপিনে জামুগুৰিহাটৰ ভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা ৷

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *