Share and Enjoy !

Shares

যোৰহাটত অনুষ্ঠিত হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ কৈৱৰ্ত্ত জ্ঞাতি সমাৰোহ আৰু ভোজমেল। যোৰহাট জিলাৰ ৰান্ধনিজান,জানেগুৰি আৰু বেঙেনাআটি অঞ্চলৰ বিদ্যালয় খেলপথাৰত এদিনীয়াকৈ অনুষ্ঠিত কৰা হয় খিলঞ্জীয়া ভূমিপুত্ৰ কৈৱৰ্ত্ত জ্ঞাতি সমাৰোহ আৰু ভোজমেল।

এই সমাৰোহে কৈৱৰ্ত্ত সম্প্ৰদায়ৰ ঐক্য, সংহতি আৰু সাংস্কৃতিক ঐতিহ্যক নতুনকৈ জীৱন্ত কৰি তুলিছে। ঐতিহাসিক মালৌপথাৰক সাক্ষী কৰি “আহ ঐ আহ, ওলাই আহ—জ্ঞাতিয়ে মাতিছে সমাৰোহলৈ আহ” এই উদ্দীপক শ্লোগান লৈ দিনজুৰি বিভিন্ন কাৰ্যসূচীৰে এই ঐতিহাসিক সমাৰোহ আয়োজন কৰা হৈছিল। এই শ্লোগানে সমগ্ৰ কৈৱৰ্ত্ত সম্প্ৰদায়ক একত্ৰিত হৈ নিজৰ পৰিচয় আৰু ঐতিহ্যক সজীৱ কৰি ৰখাৰ আহ্বান জনাইছিল।

কাৰ্যসূচীৰ শুভাৰম্ভণি ৰাষ্ট্ৰীয় পতাকা উত্তোলনেৰে সম্পন্ন হৈছিল। সভাপতি মহেন্দ্ৰ দাসে পতাকা উত্তোলন কৰি সমাৰোহৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ পাছতে অনুষ্ঠিত হোৱা শ্বহীদ তৰ্পণ অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি জিতেন দাসে তৰ্পণ কৰে। এই অনুষ্ঠানত স্বাধীনতা সংগ্ৰাম আৰু সমাজ সেৱাত আত্মবলিদান আগবঢ়োৱা শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। উপস্থিত সকলোৱে দুহাত জুৰি শ্বহীদসকলৰ স্মৃতিত নীৰৱে থিয় হৈ শ্ৰদ্ধা নিবেদন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *