Share and Enjoy !

Shares

যোৰহাটত পঞ্চম বাৰ্ষিক নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা।

আজিৰে পৰা যোৰহাটত আৰম্ভ হৈছে পঞ্চম বাৰ্ষিক নিলয় দত্ত সোঁৱৰণী আন্তঃবিশ্ববিদ্যালয় ক্ৰিকেট প্ৰতিযোগিতা। অসম ক্ৰিকেট সংস্থাৰ তত্ত্বাৱধানত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখনে ৰাজ্যখনৰ ক্ৰিকেট প্ৰেমী তথা যুৱ খেলুৱৈসকলৰ মাজত যথেষ্ট উৎসাহ-উদ্দীপনাৰ সৃষ্টি কৰিছে।

যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া সৰ্বমুঠ ১২খন বিশ্ববিদ্যালয়ে অংশগ্ৰহণ কৰিব। যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক জুল খাউণ্ডে জনোৱা মতে, এই প্ৰতিযোগিতাখনি টি-২০ ফৰ্মেটত অনুষ্ঠিত হ’ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ খেলপথাৰত প্ৰতিদিনে দুখনকৈ ৰোমাঞ্চকৰ মেচ খেলুৱৈ আৰু দৰ্শকসকলে উপভোগ কৰিবলৈ পাব।

প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া এই ক্ৰিকেট প্ৰতিযোগিতাখনে ৰাজ্যৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰতিভাৱান খেলুৱৈসকলক নিজৰ দক্ষতা প্ৰদৰ্শনৰ এক উত্তম মঞ্চ প্ৰদান কৰিব। এই প্ৰতিযোগিতাখনৰ জৰিয়তে ৰাজ্যৰ যুৱ ক্ৰিকেটাৰসকলে নিজৰ প্ৰতিভা বিকশিত কৰাৰ লগতে ভৱিষ্যতৰ বাবে এক শক্তিশালী ভেটি গঢ়াৰ সুযোগ লাভ কৰিব।নিলয় দত্তৰ সোঁৱৰণত আয়োজিত এই প্ৰতিযোগিতাখনে কেৱল ক্ৰীড়াৰ ক্ষেত্ৰতে নহয়, সামাজিক দিশতো এক গুৰুত্বপূৰ্ণ বাৰ্তা কঢ়িয়াই আনিছে।

এনে স্মৃতি সংৰক্ষণৰ জৰিয়তে ক্ৰীড়া সংস্কৃতিৰ প্ৰতি থকা সন্মান আৰু দায়বদ্ধতাৰ পৰিচয় পোৱা যায়। লগতে এনে আয়োজনে নতুন প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি অনুপ্ৰাণিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

 

Leave a Reply

Your email address will not be published. Required fields are marked *