Share and Enjoy !

Shares

আজি ১৭ জানুৱাৰী । ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পবিত্ৰ পূণ্য তিথি। শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যত প্ৰতিবছৰে ১৭ জানুৱাৰীত পালন কৰি অহা হৈছে শিল্পী দিৱস।ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিদিৱস উপলক্ষে ৰাজ্যজুৰি শিল্পী দিৱস পালন কৰা হয়।

অসমীয়া কলা-সাহিত্য-সংস্কৃতিৰ অন্যতম শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ১৭ জুন, ১৯০৩ চনত ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত জন্ম হৈছিল।জ্যোতিপ্ৰসাদ আছিল অসমীয়া ছবিৰ আছিল বাটকটীয়া। যাৰ ফলস্বৰূপে তেওঁ প্ৰথম অসমীয়া বোলছবি জয়মতী চিনেমাৰ জড়িয়তে অসমত চলচ্চিত্ৰৰ ধাৰা আৰম্ভ কৰিলে আৰু অসমবাসীয়ে লাভ কৰিছিল প্ৰথম অসমীয়া বোলছবি ‘জয়মতী’।

চিনেমা নিৰ্মাণৰ সমান্তৰালকৈ আগৰৱালাই গীতিকাৰ, নাট্যকাৰ, লেখক আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী ৰূপে জাতীয় জীৱনক সমৃদ্ধ কৰিছিল।

অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰৱন্ধ, সমালোচনা, শিশুসাহিত্য, আদি সকলা দিশতে তেওঁৰ অৱদান অতুলনীয়। কিন্তু মাত্ৰ ৪৮ বছৰ বয়সতে ১৯৫১ চনৰ ১৭ জানুৱাৰীত কম আয়ুসকালতে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয়।

গীতিসাহিত্যৰ ক্ষেত্ৰতো শিল্পীগৰাকীয়ে দি গৈছে অনন্য প্ৰতিভাৰ স্বাক্ষৰ। স্বাধীনতাৰ যুঁজতো তেওঁ আছিল অগ্ৰগামী।

 

‘ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ’। এয়াই আছিল নৱপ্ৰজন্মৰ প্ৰতি তেওঁৰ আহ্বান। সময় আৰু পৰিৱেশ-পৰিস্থিতিৰ সৈতে কেনেকৈ চলিব লাগে, সেই সন্দৰ্ভতে আগবঢ়াইছিল উক্ত বাণী। যি বাণী আজিও প্ৰাসংগিক। যুগে যুগে অসম আৰু অসমীয়াক খোৰাক জগাব পৰা শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

উল্লেখ্য যে, অসম আৰু কলিকতাৰ বিভিন্ন বিদ্যালয়ত শিক্ষা লাভ কৰি জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে ১৯২৬ চনত এডিনবাৰ্গলৈ গৈছিল যদিও আধাতে পঢ়া এৰি জাৰ্মানীত সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল।

ইয়াৰ পিছতে তেওঁৰ সাংস্কৃতিক যাত্ৰাৰ সূচনা হয় আৰু অসমত প্ৰথমখন বোলছবি নিৰ্মাণ কৰে। ইয়াৰ লগতে দেশৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটিব লগা হৈছিল।

১৯৩৬ চনত তেওঁ দেৱযানী ভূঞাৰ লগত বিবাহপাশত আৱদ্ধ হয়। উল্লেখ্য যে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত ২০০৪ চনত ভাৰত চৰকাৰে ডাক টিকট প্ৰণয়ন কৰে। ইয়াৰ লগতে অসমৰ সমাজ জীৱনৰ কিংবদন্তী শিল্পীগৰাকীৰ স্মৃতিত ১৭ জানুৱাৰীত ৰাজ্যজুৰি শিল্পী দিৱস পালন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *