আজি কাৰ্বি লোকসকলে তেওঁলোকৰ নৱবৰ্ষ উপলক্ষে কাৰ্বি ছেংকান কিমি উদযাপন কৰিছে।
কাৰ্বি ভাষাত ‘ছেংকান’ মানে বছৰ আৰু ‘কিমি’ মানে নতুন। এই দিনটোৱে নতুন কৃষি চক্ৰৰ আৰম্ভণি সূচায়। কাৰ্বি ছেংকান কিমি উপলক্ষে আজি পুৱা কাৰ্বি লোকসকলে ‘হেম্ফু’ আৰু পূৰ্বপুৰুষসকলৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।
ইয়াৰ উপৰি, এই দিনটোত পৰম্পৰাগত খেল-ধেমালি, নাচ-গান আৰু ভোজ-ভাতৰো আয়োজন কৰা হয়। ইফালে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ প্ৰতিগৰাকী কাৰ্বি লোকক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে। সামাজিক মাধ্যমত শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই নৱবৰ্ষই তেওঁলোকৰ জীৱনলৈ সমৃদ্ধি, সম্প্ৰীতি আৰু প্ৰগতি কঢ়িয়াই অনাৰ কামনা কৰে।