পশ্চিম কাৰ্বি আংলঙৰ মাইলুৰ নৱাইবিল বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত ভস্মীভূত ১৪খনৰো অধিক ব্যৱসায়িক প্রতিষ্ঠান।গেলামালৰ দোকান, কাপোৰৰ দোকান, কিতাপৰ দোকান, হোটেল আদিৰ লক্ষাধিক টকাৰ সামগ্রীসহ নগদ ধন ভস্মীভূত হয় এই অগ্নিকাণ্ডত।
ব্যৱসায়িক প্রতিষ্ঠানসমূহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ পাছত ঘটনাস্থলীত উপস্থিত হয় অগ্নিনিৰ্বাপক বাহিনীৰ দল।
অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
সর্বস্বান্ত হৈ দিশহাৰা হৈ পৰিছে এতিয়া ব্যৱসায়ীসকল।