কাৰ্বি আংলং জিলাৰ হাওৰাঘাট থানাৰ অন্তৰ্গত ১ নং বেলগুৰি মুণ্ডা গাঁৱত একমাত্ৰ ডাইনীৰ সন্দেহতে আৰু গাঁওখনৰে মা দুৰ্গা লম্ভা এগৰাকী মহিলাৰ নিৰ্দেশ মতেই গাৰ্দী বিৰুৱা আৰু মীৰা বিৰুৱা নামৰ এহাল স্বামী-স্ত্ৰীক অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ একাংশ অন্ধবিশ্বাসী ৰাইজে নৃশংসভাৱে হানি খুচি জীৱন্তে জ্বলাই হত্যা কৰাৰ ঘটনাই সমগ্ৰ কাৰ্বি আংলং জিলাত উত্তেজনা বৰ্তমানলৈকে অব্যাহত আছে ।
হৃদয়বান লোকৰ হৃদয় কঁপি যোৱা এই ঘটনাৰ আঁৰৰ কাৰণটো হৈছে নৱ্য সমাজৰ আধুনিক সভ্যতাৰ বিজ্ঞানৰ যুগতো বৰ্ত্তমান সমাজত প্ৰচলিত চলি থকা অন্ধবিশ্বাস আৰু কুসংস্কাৰ ।
অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বাবে এই অমানৱীয় হত্যাৰ কাৰণটোও হৈছে গাওঁখনৰ লোকসকল অতি দৰিদ্ৰ আৰু অশিক্ষিত । যাৰ বাবে এগৰাকী কমবয়সীয়া মা দুৰ্গা লম্ভা(আই) মহিলাৰ নিৰ্দেশ মতেই গাওঁখত হৈ থকা বেমাৰ আজাৰৰ বাবে দম্পত্তীহালকে জগৰীয়া কৰি একাংশ গঞা ৰাইজে এনেদৰে স্বামী স্ত্ৰীক হাতে হাতে লাঠি, ৰ’দ আদি লৈ নৃশংসভাৱে মাৰপিট কৰি আৰু হানি খুচি গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত কৰে ।
গাওঁখনৰ একাংশই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি, গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা স্বামী-স্ত্ৰী দুয়োকে জীৱন্তে জুইত দলিয়াই দিয়া সময়ত কৰুণ কাতৰভাৱে পানী বিচাৰি জুইৰ পৰা পুনৰ উঠি আত্মৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও একাংশ অন্ধবিশ্বাসী ৰাইজে মূল ঘৰটোৰ চৌহদতে জ্বলাই দিয়া ঘটনাই সমগ্ৰ কাৰ্বি আংলং জিলাতে জোকাৰি যায় ।
কাৰ্বি আংলং তথা সমগ্ৰ ৰাজ্য কপাঁই যোৱা এই ডাইনী কাণ্ডৰ ঘটনা সন্দৰ্ভত শুকুৰবাৰে গুৱাহাটীৰ পৰা আই জি পি অখিলেশ কুমাৰ সিংহ আৰু কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক(এছ পি) পুষ্পৰাজ সিংহ ঘটনাস্থলীত উপস্থিত থাকি ঘটনাৰ বুজ লোৱাৰ লগতে আই জি পি অখিলেশ কুমাৰ সিংহই সংবাদ মাধ্যমৰ আগত পুৰুষ মহিলাসহ ১৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰকাশ কৰে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে