Share and Enjoy !

Shares

চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ৰাজাবালাত শুকুৰবাৰে বিয়লি আচিক নামৰ এটা গাৰো স্বেচ্চাসেৱী সংগঠনৰ সদস্যক দুস্কৃতিকাৰীৰ দলে নিৰ্মামভাৱে প্ৰহাৰ কৰাত সদস্যজনৰ মৃত্যু হয়।

এই ঘটনাৰ পাছতে মেঘালৰ গাৰো পাহাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ফলত মেঘালয়ত অগাৰো শ্ৰমিকসকল নিৰাপত্তাহীন হৈ পৰাত নিশাৰে পৰা আৰক্ষীৰ সহযোগত অগাৰো অসমীয়া শ্ৰমিক সকল মানকাচৰলৈ উভতি আহিবলৈ ধৰিছে।

মেঘালয় প্ৰশাসনে শ্ৰমিক সকলক মানকাচৰলৈ উভতাই পঠোৱাৰ ক্ষেত্ৰত সহযোগ কৰা দেখা গৈছে।

আনহাতে ঘটনাক লৈ মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড এ চাংমা ইতিমধ্যে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

হত্যাকাণ্ডটোৰ লগত জৰিত তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *