লামডিং ৰে’লৱে ষ্টেচনত আৰক্ষীৰ তীব্ৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা।
নামনিমুৱা আগৰতলা দেৱঘৰ ট্ৰেইনৰ জেনেৰেল ডবাৰ পৰা এজন লোকসহ গাঞ্জা খিনি জব্দ কৰে।
লামডিং ৰে’লৱে আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি আজি পুৱাৰ ভাগত গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হয়। ইপিনে লোকজনৰ পৰা আনুমানিক ৮ কেজি গাঞ্জা জব্দ কৰে।
আটকাধীন লোকজনৰ নাম পাৰ্থ দেৱ বুলি জানিব পৰা গৈছে। লগতে লোকজন আগৰতলা বাসিন্দা। বৰ্তমান ৰে’ল আৰক্ষীয়ে সোধা-পোচা কৰি লোকজনক জেললৈ প্ৰেৰণ কৰে।