Share and Enjoy !

Shares

লামডিঙত চোৰৰ সন্ত্ৰাস।এইবাৰ চৰকাৰী বিদ্যালয়ত চোৰৰ উপদ্ৰৱ। ১৫ টাকৈ আলমাৰি ভাঙি চোৰে চলালে চাফাই অভিযান।

লামডিং মহাবিদ্যালয় তথা ন্যাশনাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় উচ্চ মাধ্যমিক পৰীক্ষা। শুকুৰবাৰে পুৱা ভাগত বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষকসকলৰ হতভম্ব হৈ পৰে। বিদ্যালয়ৰ আলমাৰি ভাঙি পেলুৱাৰ লগতে চোৰে প্ৰয়োজনীয় নথি পত্ৰ চুৰি কৰি নিয়ে।

কেৱল এইয়াই নহয় বিদ্যালয়ৰ চি চি টিভি কেমেৰাত বন্দি হয় চুৰিকাণ্ডৰ দৃশ্য। এই ঘটনাৰ পাছতে তাৎক্ষণিক ভাবে লামডিঙ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *