পদূলিমুখত হেঁপাহৰ ভোগালী বিহু। ভোগৰ উৎসৱক লৈ এতিয়া প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি ।
হাজো ৰামদিয়াতো গাখীৰ ব্যৱসায়ী সকল দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে । তীৰ্থনগৰী হাজোৰ ৰামদিয়াৰ নামপাৰাবাসী অসমৰ প্ৰতিটো প্ৰান্তত চাহিদা থকা দৈ প্ৰস্তুত কৰাত ব্যস্ত হৈ থকা দেখা গৈছে।
৯০ বছৰীয়া পদ্মৰাম ডেকাও সুদীৰ্ঘ ৭০ বছৰ গাখীৰৰ ব্যৱসায়টোৰ লগত জড়িত হৈ আছে । পদ্মৰাম ডেকাৰ এঠা লগা দৈ-ক্ৰীম এইবাৰ গুৱাহাটীৰ মহানগৰীৰ বজাৰ ভৰি পৰিব । বয়সে হাৰ নমনা পদ্মৰাম ডেকাই এতিয়াও চফল ডেকাৰ নিচিনাকৈ কাম কৰি আহিছে ।
পদ্মৰাম ডেকাক এই কাৰ্যত সহায় কৰি আহিছে পুত্ৰ-বোৱাৰী আৰু জীয়ৰীয়ে ।