Share and Enjoy !

Shares

শিৱসাগৰত এইবাৰ ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব মহাশিৱৰাত্ৰি। মহাশিৱৰাত্ৰিক লৈ পূৰ্ণ প্ৰস্তুতি চলাইছে ঐতিহাসিক শিৱসাগৰৰ শিৱদৌলত।

মহাদেৱ শিৱক আৰাধনা কৰা পৃথিৱীৰ ভিতৰতে অন্যতম গুৰুত্বপূৰ্ণ স্থান হিচাপেও জনা যায় ঐতিহাসিক শিৱদৌলক।শিৱৰাত্ৰতিৰ সময়চোৱাত লাখ লাখ ভক্তই ভিৰ কৰে শিৱদৌলত।

বিগত সময়ৰ দৰে এইবাৰো ৫ দিনীয়াকৈ মহা শিৱৰাত্ৰি অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি চলিছে। শিৱসাগৰ দ’ল উন্নয়ন পৰিষদৰ উদ্যোগত ১৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৮ ফ্ৰেব্ৰুৱাৰীলৈকে ৫দিনীয়াকৈ অনুষ্ঠিত হ’ব শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা। বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা মহা শিৱৰাত্ৰি এইবাৰ অধিক আকৰ্ষণীয় কৰি তোলা হ’ব।

দেশ- বিদেশৰ বিভিন্ন পৰ্যটকে ভিৰ কৰা লগতে ভক্তসকলৰ সমাগম হ’ব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *