অসমৰ ৰাজনৈতিক মহলত শীঘ্ৰে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সূচনা হ’ব বুলি জনা গৈছে। অগপৰ পৰা বহিষ্কৃত নেতা মজিবুৰ ৰহমান আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে।
মজিবুৰ ৰহমানে অতীততে ৰকিবুল হুছেইনৰ ঘনিষ্ঠ সহযোগী হিচাপে কংগ্ৰেছৰ বহু নেতাক অগপলৈ অনাবলৈ সক্ষম হৈছিল। লগতে শিঙিমাৰী জিলা পৰিষদৰ কংগ্ৰেছৰ দুৰ্গৰূপ হিচাপে তেওঁ ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিছিল।
২০২৪ চনৰ চামগুৰি উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দিপ্লুৰঞ্জণ শৰ্মাৰ জয়ত মজিবুৰৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল। কিন্তু ২৪ৰ উপ-নিৰ্বাচনৰ পাছতে তেওঁৰ বিজেপিৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাইছে। বিশেষকৈ বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ সৈতে মজিবুৰৰ ঘনিষ্ঠতা অগপৰ ভিতৰত বিতৰ্ক সৃষ্টি কৰিছে।
নগাঁও জিলা সভাপতি মণিমাধৱ মহন্তে এই কাৰণত মজিবুৰ ৰহমানক অগপৰ পৰা বহিষ্কাৰ কৰিছে। এতিয়া ৰাজনৈতিক মহলত এই কথাই চৰ্চিত যে মজিবুৰ শীঘ্ৰে বিজেপিত যোগদান কৰিব আৰু ২৬ৰ চামগুৰি নিৰ্বাচনত টিকটৰ বাবে প্ৰাৰ্থী হ’ব।
বিজেপিৰ ভিতৰুৱা সূত্ৰৰ মতে, মজিবুৰ ৰহমানে তেওঁৰ সমৰ্থকসকলক লৈ দলত যোগদান কৰি চামগুৰি সমষ্টিত দলীয় শক্তি বৃদ্ধি কৰিব। অৱশ্যে, বিজেপিৰ পৰা এই সমষ্টিৰ টিকটৰ বাবে নাজিৰ হুছেইন আৰু বিপ্লৱ তৰফদাৰৰ দৰে কেইবাজনো প্ৰাৰ্থীয়ে আগ্ৰহ প্ৰকাশ কৰিছে। সেয়ে মজিবুৰৰ টিকট নিশ্চিত হ’ব নে, তাৰ ওপৰত দলীয় ৰাষ্ট্ৰীয় নেতৃত্বৰ সিদ্ধান্ত নিৰ্ভৰ কৰিব।
এই ঘটনা নগাঁও-চামগুৰি ৰাজনীতিৰ পৰিৱেশক নতুন ৰূপ দিব বুলি ৰাজনৈতিক বিশ্লেষকৰ মতে আশা কৰা হৈছে।