Share and Enjoy !

Shares

মাৰ্ঘেৰিটাৰ লিডুৰ ২নং ৰোড গাঁওৰ পিৰুলাইনত শোকাৱহ ঘটনা। ১১ কেভি উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ তাঁ‌ৰৰ স্পৰ্শত এজন লোকৰ কৰুণ মৃত্যু ।

জানিব পৰা মতে, স্থানীয় বাসিন্দা ছাইদুল্লা আলী (৪২) আজি পুৱা নিজৰ ঘৰৰ চোতালত ক’ল ইণ্ডিয়াৰ এডাল বিদ্যুৎ তাঁ‌ৰ পৰি থকা অৱস্থাত লক্ষ্য কৰে। পৰৱৰ্তী সময়ত, সেই তাঁ‌ৰডাল আঁ‌তৰাবলৈ গৈ বিদ্যুৎপৃষ্ট হৈ ঘটনাস্থলীতেই মৃত্যুবৰণ কৰে লোকজনে।

ঘটনাটোৱে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি কৰাৰ লগতে স্থানীয় ৰাইজৰ মাজত ক্ষোভৰ জোৱাৰ তুলিছে। কাৰণ, ক’ল ইণ্ডিয়াৰ অধীনস্থ বিদ্যুৎ বিভাগৰ অবহেলা আৰু গাফিলতিৰ বাবেই এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। ইয়াৰ উপৰিও, স্থানীয় ৰাইজে ভুক্তভোগী পৰিয়ালক তাৎক্ষণিক সহায় আগবঢ়োৱা আৰু চৰকাৰীভাৱে উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবী জনাইছে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *