ভূপেন বৰাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ ডেৰঘণ্টীয়া বৈঠকৰ অন্ত। বৈঠকৰ অন্তত সদ্যপ্ৰাক্তন ভূপেন বৰাক কাষত বহুৱাই সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে ভূপেন বৰাৰ বিজেপিগমনক লৈ কৰিলে ডাঙৰ ঘোষণা। ২২ ফেব্ৰুৱাৰীত ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিব ভূপেন বৰাই। ।ভূপেন বৰাৰ বিজেপিত যোগদান নিশ্চিত হোৱাৰ লগে লগে ভূপেন বৰাৰ এনে স্থিতিক কঠোৰ ভাষাৰে সমালোচনা অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ ।
ভূপেন বৰাক অভিনেতা আখ্যা দি নিজৰ প্ৰতিক্ৰিয়াত মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, “ভূপেন বৰাৰ শেহতীয়া যি অভিনয় দেখিলোঁ সেয়া অত্যন্ত দুৰ্ভাগ্যজনক । সেয়া আমাৰ কাৰণে নহয় । এই মানুহবোৰে নিজৰ স্বাৰ্থত ৰাজনীতি কৰে । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক নিঃশেষ কৰিবৰ বাবে কৰা ইনভেষ্টমেণ্টৰ ৰিটাৰ্ণটো ঘৰলৈ লৈ গৈছে ”
লগতে মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, “লোকসভা নিৰ্বাচন খেলাৰ পৰাই মই ভূপেন বৰাক ওচৰৰ পৰা পাইছিলোঁ । তেতিয়া দেখিছিলোঁ যে আপোনাৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাৰ বহুত ইনভেষ্টমেণ্ট আছে । নাটক বহুত হ’ল । সিদিনা গৌৰৱ গগৈৰ লগত যাত্রা কৰোতে ১৩ টা ছীট আছে বুলি কোৱা মানুহজন আপুনি । গাড়ীৰ ভিতৰত কাজিয়া কৰা মানুহজন আপুনি আৰু কোৱা মানুহজনো আপুনি । গতিকে মই বিনাদ্বিধাই কৈছোঁ যে মোৰ কোনো আক্ষেপ নাই । ভূপেন বৰাই নিজৰ স্বাৰ্থৰ বাবে দলটোক ৰামঠগন দিলে । কেৱল নিজৰ স্বাৰ্থত কথা কৈছে । পৰহিলৈকে যাত্রাত থাকি একেৰাতিতে নাটকখন কৰি মুখ্যমন্ত্রীক ধূপ-ধূনা জ্বলাই আদৰি নিছে । তেওঁলোকৰ এনেকুৱা আনন্দ লাগিছে যেন ঘৰলৈ জোঁৱাই আহিছে । লোকসভা নিৰ্বাচনৰ পৰা ভূপেন বৰাক নিৰীক্ষণ কৰি আহিছোঁ । হাইপেকেজত কাম কৰি আহিছিল ।”
লগতে তেওঁ কয়, “আপুনি কাইলৈৰ পৰা আৰু নাটক নকৰিব ।প্ৰত্যেকটো ৰাজনৈতিক দলত মানুহৰ পাছত মানুহ লাগি থাকে । আমিও বহুত প্ৰত্যাহ্বান লৈ আহিছোঁ । আমি কেৱল ক্ষমতাৰ বাবে ৰাজনীতি কৰা নাই । ভূপেন বৰাৰ নাটক আৰু অভিনয় বহুত হ’ল । লাজ পাইছোঁ আপোনাক লৈ । আপুনি অকলে যাওঁক । তৃণমূলৰ কৰ্মীক লগত লৈ বাৰাণ্ডাৰ চুকত বহাবলৈ নিনিব । ভৱেশ কলিতাই কি কৈছে সেই কথা মনত ৰাখিব ।”