বুধবাৰে মঙলদৈস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়ৰ সন্মুখত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অসমীয়া যুৱ মঞ্চ, দৰং জিলা সমিতিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন।
সংগঠনটোৰ কৰ্মীসকলে বিভিন্ন দাবী উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
তেওঁলোকৰ মূল দাবীৰ ভিতৰত আছিল- প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰা, অসম চুক্তি সম্পূৰ্ণ ৰূপে ৰূপায়ণ কৰি অবৈধ বাংলাদেশীক বিতাড়ণ কৰা আৰু অসমত ইনাৰ লাইন পাৰ্মিট (ILP) ব্যৱস্থা প্ৰৱৰ্তন কৰা।
এই প্ৰতিবাদী কাৰ্যসূচীত অসমীয়া যুৱ মঞ্চৰ দৰং জিলা সমিতিৰ বিষয়ববীয়া আৰু অৰ্ধশতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে উত্থাপিত দাবীসমূহ শীঘ্ৰে পূৰণ কৰাৰ বাবে চৰকাৰক আহ্বান জনায়।