মৰিগাঁও সদৰ বিহুতলীত এদিনীয়া কাৰ্যসূচীৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। কাৰ্যসূচী অনুসৰি পুৱা ভাগত সদৌ তিৱা ছাত্ৰ সন্থা মুখ্য কাৰ্যালয়ত তিৱা ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মছৰঙে।
শ্বহীদ বেদীত শ্ৰদ্ধাঞ্জলি জনাই শ্বহীদ তৰ্পণ কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তৰুণ মাৰ্ডাৰে । আনহাতে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মৰিগাঁও চহৰৰ মাজেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰায় শুভ উদ্বোধন কৰে তিৱা স্বায়ত্ত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তাই। দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাত সংগঠনটোৰ মুখপত্ৰ থালাৰ শুভ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক ,গৱেষক আৰু ভীমবৰ বঁটা প্ৰাপক মিলেশ্বৰ পাটৰে।