Share and Enjoy !

Shares

অসমত চাইবাৰ অপৰাধী চক্ৰৰ ভয়ংকৰ জাল।ৰাজ্যত সক্ৰিয়া হৈ আছে চাইবাৰ অপৰাধী। ৰাজ্যত চলিছে চাইবাৰ অপৰাধীৰ দপদপনি ৷ চাইবাৰ অপৰাধীৰ ঘাটিলৈ পৰিণত হ’বলৈ ধৰিছে মধ্য অসম৷

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সজাগ হৈছে অসম আৰক্ষী । বিভিন্ন সময়ত অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ ঘাটি উৎখাত কৰি আহিছে । মধ্য অসমৰ চাইবাৰ অপৰাধীৰ ঘাটিত অসম আৰক্ষীৰ অভিযান ৷

মৰিগাঁৱত পুনৰ গা কৰি উঠিছে চাইবাৰ অপৰাধে। মৰিগাঁও আৰক্ষীৰ জালত পাঁচটাকৈ চাইবাৰ অপৰাধী।

ধিং, মৈৰাবাৰী আৰু লাহৰীঘাটৰ পৰা গ্ৰেপ্তাৰ কৰে চাইবাৰ অপৰাধীকেইটা। ধৃত প্ৰৱঞ্চককেইটা মৈৰাবাৰীৰ আজাহৰুল ইছলাম, বাহাৰুল ইছলাম, ধিঙৰ মাহমুদ হাচান, ৰকিবুল ৰহমান আৰু ৰীয়ানুদ জামান বূলি জানিব পৰা গৈছে।

অপৰাধী কেইটাৰ পৰা জব্দ ৭টাকৈ মোবাইল ফোন, ৬খন ATM কাৰ্ডৰ লগতে জব্দ দুখন চেকবুক, ২থন পাচবুক। বৰ্তমান মৰিগাঁও আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *