Share and Enjoy !

Shares

ৰাজ্যত পুনৰ নিৰুদ্দেশৰ ঘটনা । ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে নিৰুদ্দেশৰ ঘটনা ধাৰাবাহিকভাৱে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে নিৰুদ্দেশৰ ঘটনাই । এটাৰ পিছত আন এটা নিৰুদ্দেশৰ ঘটনাই জোকাৰি গৈছে ৰাজ্য।।মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত ঝাৰগাঁও চন্তলিৰ দহ দিন ধৰি নিৰুদ্দেশ হৈ আছে এগৰাকী বোৱাৰী । নিৰুদ্দেশ হৈ থকা বোৱাৰীগৰাকী ৰবীন্দ্ৰ সৰকাৰৰ পত্নী তাপসি সন্যাসী।বুলি জানিব পৰা গৈছে।

৩৩ বছৰ বয়সৰ তাপসীয়ে ল’ৰা-ছোৱালী দুটাৰ সতে স্বামীক এৰি থৈ যায় ঘৰতে। ১৬ বছৰ পূৰ্বে শোণিতপুৰ জিলাৰ শিঙৰিৰ পৰা সামাজিকভাৱে বিয়া কৰাই আনিছিল তাপসীক। দুয়োৰে সংসাৰ ঠিকেই চলি আছিল যদিও যোৱা সাত বছৰ ধৰি দুয়ো স্বামী-স্ত্ৰীৰ মাজত সৰু-সুৰা কাজিয়া হৈ থাকে বুলি জানিব পৰা যায়।

পিছে যোৱা ১০ ফেব্ৰুৱাৰীৰ দিনৰ ১২ মান বজাত ঘৰৰ পৰা নোহোৱা হয় তাপসী। সেই দিনাৰ পৰাই তাপসীক বিচাৰি স্বামী ৰবীন্দ্ৰ সৰকাৰে আত্মীয় স্বজন আৰু শহুৰৰ ঘৰৰ সতে যোগাযোগ কৰে যদিও বৰ্তমানলৈ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। ঘটনা সন্দৰ্ভত জাগীৰোড থানাত এজাহাৰ দাখিল কৰিছে স্বামী ৰবীন্দ্ৰ সৰকাৰে।

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *