হোলীৰ আনন্দৰ মাজতে বৰপেটাৰ বহৰিত এক শোকাবহ ঘটনা। বহৰিৰ কলতলিৰ ব্ৰহ্মপুত্ৰত শুকুৰবাৰে বিয়লিৰ ভাগত গা ধুবলৈ গৈছিল ১১ জনীয়া এটি যুৱক-যুৱতীৰ দলে। সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ যুৱক-যুৱতী নিৰুদ্দেশ।
সম্প্ৰতি তিনিজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। এগৰাকী যুৱতী, দুগৰাকী যুৱক আৰু কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।এগৰাকী যুৱতী বৰ্তমানো সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে।
মৃতদেহ উদ্ধাৰ হোৱা যুৱক-যুৱতী কেইগৰাকী হৈছে বহৰি গাঁৱৰ প্ৰয়াত দেৱনাথ তিয়কৰ পুত্ৰ ৰাজকুমাৰ তিয়ক (১৫), চৰত জিতৰ কন্যা অনিতা তিয়ৰ(১৮) আৰু ৰামচন্দ্ৰ মাঝিৰ পুত্ৰ বিষ্ণু মাঝি(১৭)। আনহাতে সন্ধানহীন হৈ থকা যুৱতীগৰাকী হৈছে ৰীতা তিয়ৰ(১৮)। উদ্ধাৰ হোৱা বাকী সাতগৰাকী যুৱক-যুৱতী সুস্থ অৱস্থাত থকা বুলি জানিব পৰা গৈছে।
তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত এটি আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলোৱা বুলি জানিব পৰা গৈছে। এচডিআৰএফ বাহিনীৰ এটি দলো উদ্ধাৰ অভিযান চলায়। উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই শোকাবহ ঘটনাই বৃহত্তৰ বহৰি অঞ্চলত শোকৰ ছাঁ পেলাইছে।