পহিলা মাঘৰ দিনটোতে মুকালমুৱাৰ কাপলাবড়ীত ভয়ংকৰ পথ দুৰ্ঘটনা৷
হাজো দৌলাশাল ঘাইপথৰ কাপলাবড়ীত সংঘটিত হয় এই দুৰ্ঘটনাটো৷
উদণ্ড মটৰ চাইকেল চালকে মহতিয়াই নিলে পথচাৰীক৷
পথচাৰীক মহতিয়াই ঘাইপথত বাগৰি পৰিল মটৰ চাইকেলৰ চালকসহ আৰোহী৷
সংকটজনক অৱস্থাত পথচাৰীসহ মটৰ চাইকেলৰ চালক আৰু আৰোহীজনক মুকালমুৱা মহকুমা চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় লোকে ৷
মটৰ চাইকেলখনৰ নম্বৰ AS-15AD-9747 ৷
গুৱাহাটী দিশৰ পৰা বৰপেটা অভিমুখে গৈ আছিল মটৰ চাইকেলখন৷
সম্প্ৰতি পৰিচয় উদ্ধাৰ হোৱা নাই দুৰ্ঘটনাত পতিত তিনিওজনৰে৷
ঘটনাস্থলীত মুকালমুৱা থানা আৰু দৌলাশাল আৰক্ষী চকীৰ আৰক্ষী উপস্থিত ৷