মুকালমুৱাত সোপাধৰাৰ সন্দেহ।
সোপাধৰাৰ সন্দেহত এগৰাকী মহিলাক প্ৰহাৰ একাংশৰ।
ৰাজ্যজুৰি অব্যাহত থকা সোপাধৰাৰ আতংকৰ মাজতে আজি নলবাৰী জিলাৰ মুকালমুৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
মুকালমুৱাস্থিত মঙলবৰীয়া সাপ্তাহিক বজাৰত এগৰাকী মহিলাক সোপাধৰা বুলি সন্দেহ কৰি উত্তেজিত একাংশ লোকে মাৰধৰ কৰাৰ ফলত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰে।
ঘটনাৰ বিৱৰণী অনুসৰি ,মুকালমুৱা মঙলবৰীয়া সাপ্তাহিক বজাৰত হাজাৰ হাজাৰ লোকৰ সমাগম হোৱা বজাৰখনত হঠাৎ এগৰাকী মহিলাক লৈ সোপাধৰাৰ সন্দেহ উপজে।
মুহূৰ্তৰ ভিতৰতে উত্তেজিত জনতাই মহিলাগৰাকীক ঘেৰি ধৰি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে মুকালমুৱা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু উত্তেজিত জনতাৰ কবলৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে মহিলাগৰাকীক প্ৰথমতে মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও তেওঁৰ অৱস্থা সংকটজনক হোৱা বাবে উন্নত চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
সোপাধৰাৰ উৰাবাতৰিক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনে ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে। প্ৰশাসনে বাৰে বাৰে আহ্বান জনোৱাৰ পিছতো আইন হাতত তুলি লোৱা এনে কাৰ্যই সৰ্বত্ৰে সচেতন মহলৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে।
বৰ্তমান অঞ্চলটোত আৰক্ষীয়ে চকু ৰাখিছে। এই ঘটনাৰ সন্দৰ্ভত মুকালমুৱা আৰক্ষীয়ে কি আইনী পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।