Share and Enjoy !

Shares

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷

উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে।।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে ৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা

ঘটনাৰ বিৱৰণী অনুসৰি বিগত প্ৰায় তিনিমাহ ধৰি কেৰেলাৰ কতেম জিলাত থকা এটা কোম্পানীত কৰ্মৰত হৈ আছিল চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ কেৰেকনি মাজগাঁৱৰ পূৰ্নকান্ত দিহিঙ্গীয়াৰ পঁচিশ বছৰীয়া পুত্ৰ লক্ষ্যজিত দিহিঙ্গীয়া।।

শুকুৰবাৰে দিনৰ প্ৰায় এঘাৰ বজাত পৰিয়ালৰ লগত ফোনযোগে কথা বতৰাও গৈছিল লক্ষ্যজিতৰ । ফোনত তেওঁৰ জ্বৰ উঠিছে গতিকে কামলৈ নগৈ চিকিৎসালয়লৈ যোৱাৰ কথা জনাইছিল। কিন্তু তাৰ পিছৰেপৰা পৰিয়ালৰ লোকে লক্ষজিতক ফোনত নাপাই শংকিত হৈ পৰাত লগতে কাম কৰা গাঁৱৰে এজন যুৱকক কথাটো জনায় । যুবকজনে প্ৰায় তিনি মান বজাত লক্ষজিতৰ কোঠালৈ গৈ বিচনাতে মৃত অৱস্থাত প্ৰত্যক্ষ কৰে লক্ষ্যজিতৰ নিঠৰ দেহ ।

সৰল, অমায়িক যুবকজনৰ এনে আকস্মিক বিয়োগত ভাঙি পৰিছে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটো ।

Leave a Reply

Your email address will not be published. Required fields are marked *