Share and Enjoy !

Shares

নাগালেণ্ডৰ উষাত তিতাবৰৰ যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ। তিতাবৰ বিবিজানৰ অভিজিত শইকীয়াৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ নাগালেণ্ডৰ উষাৰ এখন নদীত । উষাৰ জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষকতা কৰিছিল অভিজিত শইকীয়াই ।

বিদ্যালয়খনৰ পৰা প্ৰায় ২৫ কি:মি দুৰৈৰ এখন নদীত উদ্ধাৰ হয় যুৱক জনৰ মৃতদেহটো । নদীত মাছ মাৰিবলৈ যোৱা মাছমৰীয়াই অৰ্ধ গলিত মৃতদেহটো প্ৰত্যক্ষ কৰি উষাৰ পুলিচক খবৰ দিয়ে ।উষা আৰক্ষীয়ে মৃতদেটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষা কৰাই পৰিয়ালক চমজাই দিয়ে।যুৱকজনৰ কেনেকৈ মৃত্যু হল বৰ্তমানো জানিব পৰা হোৱা নাই।

উল্লেখ্য ষে, ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল অভিজিত শইকীয়া।

Leave a Reply

Your email address will not be published. Required fields are marked *