নগাঁৱৰ ৰে’ল ষ্টেচনত উদ্ধাৰ দুটাকৈ মৃতদেহ। বৃহস্পতিবাৰে পুৱা এজন অচিনাক্ত লোকৰ মৃতদেহ ৰে’ল আৰক্ষীয়ে টিকট কাউণ্টাৰৰ ওচৰত উদ্ধাৰ কৰে। তাৰ কিছুসময় পাছতে ষ্টেচনটোৰ ১০০ মিটাৰ নিলগত আন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে। মৃতদেহ উদ্ধাৰৰ ঘটনাক কেন্দ্ৰ কৰি নগাঁৱৰ ৰে’ল ষ্টেচনত তীব্ৰ চাঞ্চল্য।
আৰক্ষীৰ ভাষ্য অনুসৰি, মহিলাগৰাকী উজনি মোৱা শিলঘাট চেন্নাই টাম্বৰৰম ৰে’লখনৰ পৰা পুৱা ষ্টেচনত নামিছিল। তাৰ পাছত এই ঘটনা সংঘটিত হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইপিনে আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।