‘বেহাৰবাৰী আউটপোষ্ট’ৰ জনপ্ৰিয় অভিনেত্ৰীৰ সীমা বৰুৱাৰ ঘৰত সংঘটিত হ’ল ভয়ংকৰ ঘটনা।
অভিনেত্ৰী সীমা বৰুৱাৰ ঘৰত চোৰৰ লুটপাত। ঘৰত কোনো নথকাৰ সুযোগত চোৰে চলাই লুটপাত।
অভিনেত্ৰী সীমা বৰুৱাই ছ’চিয়েল মিডিয়াত প’ষ্ট কৰে, ‘‘বছৰৰ শেষ দিনটোত চোৰে আমাক দিয়া উপহাৰ… আগতে আগফালৰ, পিছফালৰ দুৱাৰ ৰধৌ-ধৌ হৈ থাকিলেও একো অসুবিধা হোৱা নাছিল। এতিয়া দিন-দুপৰতে চোৰ সোমায়। গাঁৱৰ সুৰক্ষা ধোঁৱাচাঙত। স্থান- কাষৰিগাঁও, পুৰণিগুদাম (নগাঁও)। এতিয়ালৈকে তিনিবাৰ চোৰ সোমাল, আৰু বা কিমান?????’’
অভিনেত্ৰী সীমা বৰুৱাৰ অভিযোগ অনুসৰি পূৰ্বে দুবাৰকৈ অভিনেত্ৰীগৰাকীৰ ঘৰত চোৰে চলাইছিল লুটপাত আৰু বছৰৰ অন্তিম দিনটোত অভিনেত্ৰীগৰাকীৰ ঘৰত সংঘটিত হ’ল অনুৰূপ ঘটনা।